আলফা(স্বাধীন)ত যোগদান কৰিবলৈ গৈ সেনাৰ জালত পৰিল ৩ যুৱক। সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ পথত সেনাৰ জালত পৰিল ৩ জনকৈ যুৱক । গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাই তিনিচুকীয়াৰ অসম-অৰুণাচল সিমান্তৱৰ্তী ব্ৰহ্মাজানৰ পৰা আটক কৰে তিনিওজনকে।

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মাজানৰ পৰা সেনাৰ ৰূপাই বেটেলিয়ানে যুৱক তিনিজনক আটক কৰিছে। ধৃত যুৱককেইজন হৈছে ধৃত কিশোৰ মৰাণ, ৰাহুল মৰাণ আৰু বিকাশ বৰা। ব্ৰহ্মাজানৰ পৰা জয়ৰামপুৰলৈ গৈ থকা অৱস্থাক যুৱক তিনিজনক সেনাই আটক কৰে।

তিনিওজনৰে পৰা এখন ডায়েৰীৰ লগতে এটা মোবাইল ফোনো জব্দ কৰা হৈছে।

বিগত কেইটামান মাহত আলফা স্বাঃ যোগদান কৰিবলৈ যোৱাৰ লগতে যোগদান কৰিবলৈ গৈ আটক হৈছিল কেইবাজনো লোক। সম্প্ৰতি আটকাধীন যুৱক তিনিজনক বৰডুমচা আৰক্ষী থানাত আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক- মাৰোৱাৰীৰ পৰা চান্দা লৈ বিহু পতাতকৈ মাৰোৱাৰীকে বিহু পাতিব দিয়ক: মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply