তেজপুৰ/জামুগুৰিহাটঃ ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত ক’ভিড পৰিস্থিতি। শোণিতপুৰ জিলাতো নিম্নগামী হোৱা নাই ক’ভিড আক্ৰান্তৰ হাৰ। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।
কাৰাগাৰখনত ৩৯৯ গৰাকী অপৰাধীৰ ভিতৰত ৩৭৬গৰাকী পুৰুষ আৰু ২৩ গৰাকী মহিলা অপৰাধী আছে। ইয়াৰে ৩০গৰাকীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
আৰু পঢ়ক: দেশত পুনৰ উৰ্ধগামী হ’বলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণৰ হাৰ
ইফালে জামুগুৰিহাটত অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকা, অভিভাৱক প্ৰিঞ্চিপাল চেক্ৰেটাৰী ৰাজেশ প্ৰসাদ, বিধায়ক পদ্ম হাজৰিকা আৰু জিলা উপায়ুক্তৰ উপস্থিতিত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত কোভিড পৰিস্থিতি সন্দৰ্ভত এখন পৰিস্থিতি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷
জিলাখনত কঠোৰ ভাৱে লকডাউন বলবৎ কৰা হ’ব বুলি মন্ত্ৰী পিয়ুষ হাজৰিকাই উল্লেখ কৰে। অবৈধ চুলাই মদৰ ঘাটি সমূহৰ পৰাও কোভিড সংক্ৰমণ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় ক’ভিড নিয়ন্ত্ৰনলৈ আনিবলৈ সমগ্ৰ অসমতে অবৈধ চুলাই মদৰ ঘাটি সমূহ উৎখাত কৰা হ’ব বুলি জনায়।
সকলো লোককে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বিধায়ক পদ্ম হাজৰিকাই।