শিলচৰ বিমানবন্দৰত অৱতৰণ কৰা প্ৰায় ৩০০ গৰাকী যাত্ৰীয়ে ক’ভিড পৰীক্ষা নকৰোৱাকৈয়ে বিমানবন্দৰৰ পৰা পলায়ন কৰা এক ঘটনা সংঘটিত হৈছে।

বৃহস্পতিবাৰে কাচাৰ জিলা প্ৰশাসনে জনোৱা মতে কালি অৰ্থাৎ বুধবাৰে বাধ্যতামূলক কভিড পৰীক্ষা অবিহনে বিমানবন্দৰৰ পৰা পলায়ন কৰা উক্ত যাত্ৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কাচাৰৰ অতিৰিক্ত উপায়ুক্ত সুমিট চট্টৱানে জনোৱা মতে কালি দেশৰ বিভিন্ন ঠাইৰ পৰা ৬খন বিমানত মূঠ ৬৯০ গৰাকী যাত্ৰীয়ে বিমানবন্দৰটোত অৱতৰণ কৰিছিল।

উক্ত ব্যক্তিসকলে নিয়মমতে বিমানবন্দৰ আৰু ইয়াৰ সমীপৰ টিকল মডেল হস্পিতালত শ্বাব পৰীক্ষা কৰাব লাগিছিল বুলি তেওঁ জানিবলৈ দিয়ে।  

কিন্তু ইয়াৰে ৩০০ গৰাকী যাত্ৰীয়ে পৰীক্ষাৰ বাবদ দিব লগা ৫০০ টকা মাচুলকলৈ দুয়োটা স্থানতে এক বিশৃংখল পৰিস্থিতিৰহে সৃষ্টি কৰে বুলি তেওঁ কয়।

আনহাতে পৰীক্ষা কৰা ১৮৯ গৰাকী যাত্ৰীৰ ৬ গৰাকীৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে বুলিও বিষয়া গৰাকীয়ে সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,677 other subscribers

Leave a comment

Leave a Reply