নিউজ ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ব্যস্ত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত। নিৰ্বাচনী প্ৰচাৰৰ মাজতে সোমবাৰে কৰ্ণাটকবাসীৰ সৈতে মত বিনিময় কৰি জানিবলৈ দিয়ে যে, শীঘ্ৰই অসমত বন্ধ কৰা হ’ব ৩০০ খন ব্যক্তিগত মাদ্ৰাছা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, চৰকাৰী টকাৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব। আপুনি যদি কোৰাণ শিকিব বিচাৰিছে তেতিয়া হ’লে নিজৰ পকেটৰ পৰা শিকিকক। চৰকাৰী খৰচত বিজ্ঞান, গণিত নাইবা সমাজ বিজ্ঞান হে শিকিব পাৰিব।

তেওঁ কয়, ৩০০ খন মাদ্ৰাছা বন্ধ কৰিবলৈ মুছলমান সকল নিজেই ইচ্ছুক। যাৰ বাবে এইবছৰৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব পাৰে অসমত ৩০০ খন বেচৰকাৰী মাদ্ৰাছা।

লগতে তেওঁ কয়, ১৯৩৫ চনৰ পৰা ১৯৪৭ চনৰলৈকে অসমত মুছলিম লীগৰ চৰকাৰ আছিল। সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী চৈয়দ ছাদুল্লাই চৰকাৰী ধনৰে মাদ্ৰাছাক অনুদান দিয়াৰ আৰম্ভ কৰিছিল। আৰু এই প্ৰক্ৰিয়াটো অসমত ৭৫ বছৰ ধৰি চলি আছিল। মই মুখ্যমন্ত্ৰী হৈ মাদ্ৰাছালৈ চৰকাৰী অনুদান বন্ধ কৰিলোঁ।

মাদ্ৰাছাত চৰকাৰী অনুদান বন্ধৰ পাছতে তেওঁলোক ন্যায়ালয়ৰ ওচৰত দৰাস্থ হৈছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ পক্ষত ৰায়দান প্ৰদান কৰিলে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য যে, অসম চৰকাৰে ইতিমধ্যেই ৬৭০ খন মাদ্ৰাছা বন্ধ কৰি দিছে বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

লগতে পঢ়ক – গুৱাহাটীত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply