নিউজ ডেস্কঃ ২০০৮চনৰ ৩০ অক্টোবৰ। মনত আছেনে এই অভিশপ্ত দিনটো? অসমৰ বাবে এক ক’লা অধ্য়ায়। ১৪টা বছৰ পাৰ হ’ল, কিন্তু আজিও এই দিনটোলৈ মনত পেলালে ভয় লাগে, কঁপি উঠে বুকু। 

গুৱাহাটীৰ কেইবাটাও স্থানত একেলগে বোমা বিস্ফোৰণ হৈছিল। ক’ত জনে যে হেৰুৱালে প্ৰাণ, কিমান জন লোকক যে পংগু কৰি গ’ল এই দিনটোৱে। গুৱাহাটীৰ লগতে পশ্চিম অসমৰো কেইবাটাও স্থানত সেইদিনা সংঘটিত হৈছিল বোমা বিস্ফোৰণ।

গণেশগুৰি, পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাওঁত সংঘটিত হৈছিল এই বোমা বিস্ফোৰণ। সেই সময়ত টিভিৰ নিউজ চেনেলত দেখিছিল অসমবাসীয়ে সেই ভয়াৱহ দৃশ্যবোৰ। কিমান দিনলৈ যে ঘৰৰ পৰা ওলাই যাবলৈ ভয় লাগিছিল। জানোবা তেনে ঘটনা আৰু সংঘটিত হয়!

এক ভয়ংকৰ পৰিৱেশ-পৰিস্থিতি সেই সময়ত অসমত। মুঠ ৮১জন লোকৰ প্ৰাণ কাঢ়ি নিছিল সেই দিনটোৱে। তদুপৰি প্ৰায় ৪৭০জন লোক হৈছিল আঘাতপ্ৰাপ্ত। 

এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল NDFBৰ ৰঞ্জন দৈমাৰী। আৰু ২০১৮ত ৰঞ্জন দৈমাৰী শিবিৰৰ ১৫জনক দোষী সাব্যস্ত কৰিছিল ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply