গুৱাহাটী : বাংগালুৰুৰ পৰা অহা যাত্ৰীবাহী ৰে’লৰ ৩২ জনকৈ যাত্ৰী কভিডত আক্রান্ত। গুৱাহাটী ৰে’ল ষ্টেচনত ধৰা পৰিছে ৰে’লযোগে অহা যাত্ৰীৰ শৰীৰত কভিড। কভিড আক্রান্ত সকলক সোণাপুৰ কভিড চিকিৎসলায়লৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে।

দেশত প্ৰতিদিনে ভয়াবহভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। ৰাজধানী দিল্লী আৰু মহাৰাষ্ট্ৰৰ লগতে কেইবাখনো ৰাজ্যৰ পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে। অসমত পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে যদিও নতুনকৈ বহু লোক আক্রান্ত হৈ আছে কভিডত।

অসমত বিশেষকৈ বহিঃৰাজ্যৰ পৰা লোক সকলৰ শৰীৰত ব্যাপক হাৰত কভিডৰ অৱস্থিতি পোৱা গৈছে। ৰে’ল আৰু বিমান যোগে অহা বহু লোকৰ শৰীৰত পোৱা গৈছে কভিডৰ অৱস্থিতি। বৃহস্পতিবাৰে ৰে’লযোগে ৩২ জনকৈ লোকৰ শৰীৰত ধৰা পৰে কভিড।

বাংগালুৰুৰ পৰা এখন যাত্ৰীবাহী ৰে’ল গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতে ৰে’লখনত থকা যাত্ৰী সকলৰ কভিড পৰীক্ষা কৰা হয়। ৰে’লখনৰ প্ৰায় ৪৫০ জন যাত্ৰীৰ কভিড পৰীক্ষাৰ অন্তত ৩২ জন যাত্ৰী কভিড আক্রান্ত বুলি ধৰা পৰে।

কভিড আক্রান্ত যাত্ৰী সকলক ৰে’ল ষ্টেচনত আছুতীয়াকৈ ৰখা হয়। আক্রান্ত সকলক সোণাপুৰস্থিত কভিড চিকিৎসালয়লৈ নিয়া হ’ব বুলি জানিব পৰা যায়। উল্লেখ্য যে দেশৰ কেইবাখনো ৰাজ্যত কভিডে সংহাৰী ৰূপ ধাৰণ কৰাত বহিঃৰাজ্যত থকা উত্তৰ পূৱৰ লোক সকল নিজ নিজ ৰাজ্যলৈ উভটি অহা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply