নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ভুপালত ১০ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং চেম্পিয়নশ্বিপ। ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ আয়োজন একালৰ ছিনিয়ৰ আইপিএছ বিষয়া সঞ্জীৱ কুমাৰৰ নামত কৰা হৈছে।
বৃহস্পতিবাৰে এই প্ৰতিযোগিতাখনত অসমৰ দুগৰাকী খেলুৱৈয়ে মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে। কে-২ ১০০০ মিটাৰ শাখাত ৰূপৰ পদক অৰ্জন কৰিছে অসমৰ স্বৰ্ণলতা ফাংচং আৰু নবনীতা বিশ্বাসে। এই প্ৰতিযোগিতাৰ প্ৰথমটো দিনতে ৰূপক পদক অৰ্জন কৰি এই দুগৰাকী অসম কন্যাই অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

এই সন্দৰ্ভত অসম দলৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয়- ‘মই আজি আনন্দিত। অসমৰ দুগৰাকী খেলুৱৈয়ে এনেদৰে জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল অৰ্জন কৰাতো অসমবাসীৰ বাবে এক গৌৰৱৰ কথা। মই আশা কৰো তেওঁলোকে আৰু আগুৱাই যাব।’
প্ৰশিক্ষক বৰঠাকুৰে আমাক জনোৱা মতে, কে-২ ১০০০ মিটাৰ শাখাত অসমৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰা মধ্যপ্ৰদেশে এই প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিছে। উল্লেখযোগ্য যে, এইবাৰ অনুষ্ঠিত এই চেম্পিয়নশ্বিপত প্ৰায় ২৭খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।