গুৱাহাটীঃ আজি উত্তৰ-পূব ৰেলৱেৰ মজদুৰ ইউনিয়ন মালিগাঁও শাখাৰ ৩৩ সংখ্যক
বাৰ্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
পতাকা উত্তোলন, বন্তি প্রজ্বলন আৰু শ্বহীদ তৰ্পণৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। শাখাৰ অধিৱেশনৰ লগত সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ সম্পর্কে সচেতনতা বৃদ্ধি কৰিবলৈ এক বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰা হয়।
এই কাৰ্যসূচীৰ শুভ উদ্বোধনী কৰি কেন্দ্ৰীয় চিকিৎসালয় মালিগাঁৱৰ চিকিৎসক সঞ্চালক পি. মহেশ্বৰী আৰু জ্যেষ্ঠ মণ্ডল অভিযন্তা শুভানন চন্দাই পৰিৱেশ সংৰক্ষণৰ বাবে বৃক্ষৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায় ।
পুৱা কমৰেদ পাৰ্থজিৎ বেনাৰ্জীৰ সঞ্চালনাত এক যুৱ সমাৰোহ অনুষ্ঠিত হয়। সভাপতি অশোক চৌধুৰীৰ সভাপতিত্বত ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভা আৰম্ভ হয়। মুকলি সভাত শতাধিক ৰেল কৰ্মচাৰী উপস্থিত থাকে ।
লগতে পঢ়কঃৰূপহীহাটত চোৰাং গৰুসহ আটক গৰু সৰবৰাহকাৰী
এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক কমৰেড আশীষ বিশ্বাস উপস্থিত থাকি বর্তমান ভাৰত চৰকাৰৰ শ্রমিক বিৰোধী নীতি আৰু সাম্প্রতিক আর্থ-সামাজিক পৰিস্থিতিৰ ওপৰত বক্তব্য আগবঢ়ায়।
চৰকাৰে শ্রমিক বিৰোধী নীতি প্রত্যাহাৰ নকৰিলে ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰে।
ইয়াৰ উপৰিও মুকলি সভাত কমৰেড দিলীপ চক্ৰৱৰ্তী , ৰমনী বৰ্মণ , সমীৰ চক্ৰবৰ্তী , উত্তম ভট্টাচার্যকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় নেতাই ট্রেড ইউনিয়নৰ দায়বদ্ধতা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সম্পর্কে বক্তব্য প্রদান কৰে।
আগন্তুক বৰ্ষৰ বাবে ৰাজীৱ বৰাক সভাপতি আৰু সৌৰভ শইকীয়াক সম্পাদক হিচাপে লৈ ১৯ জনীয়া এক নতুন কার্যনির্বাহক সমিতি গঠন কৰা হয় ।