মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শনিবাৰে নতুনকৈ ৩৪ জনকৈ লোক ক’ভিড ত আক্ৰান্ত হয়। শনিবাৰে ৩৪ জনকৈ লোক ক’ভিডত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭৮ জনলৈ বৃদ্ধি পাইছে।
ৰাজ্যত ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈ ক’ভিডৰ দ্বিতীয়টো ঢৌ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে বহু লোক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্যাপক হাৰত ক’ভিডৰ সংক্ৰমণ ঘটি আছে।
শনিবাৰে জিলাখনত ৩৪ জনকৈ লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। জিলাখনৰ বিভিন্ন অঞ্চলৰ ৩৪ জনকৈ লোক একেদিনাই ক’ভিডত আক্ৰান্ত হয়। শনিবাৰে এটা দিনত সৰ্বাধিক ৩৪ জন লোক ক’ভিডত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্রান্তৰ ৩৭৮ লৈ বৃদ্ধি পাইছে। ইয়াৰে ১৬১ জন লোক ইতিমধ্যে আৰোগ্য লাভ কৰাৰ লগতে চাৰি জন আক্ৰান্ত ৰোগী মৃত্যু মুখত পৰিছে।
আনহাতে ২১১ জন লোক বৰ্তমানেও জিলাখনত ক’ভিডত আক্ৰান্ত হৈ থকাৰ লগতে ২ জনৰ অৱস্থা সংকটজনক হোৱাত ক’ভিড ৰোগী দুজনক গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।