গুৱাহাটী : ৰাজ্যবাসীয়ে তৃতীয় দিনাও বিপুল সঁহাৰি জনালে ‘ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান’লৈ। ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ সূত্ৰে বুধবাৰে অসমে অতিক্ৰম কৰিলৈ প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্য। কেন্দ্ৰীয় চৰকাৰৰ ক’-উইন প’ৰ্টেলত আপলোড হোৱা তথ্য অনুসৰি বুধবাৰে নিশা ৯ বজা পৰ্যন্ত ৰাজ্যখনৰ ৩,৪৬,৬৮০ গৰাকী লোকক তৃতীয়টো দিনৰ ক’ভিড প্ৰতিষেধক অভিযানে সামৰি লৈছে। অসমৰ বাবে নিৰ্ধাৰিত দৈনিক লক্ষ্য ৩ লাখ গৰাকী লোকৰ বিপৰীতে বুধবাৰৰ দিনটোত ক’ভিড প্ৰতিষেধক প্ৰদানৰ হাৰ হৈছে ১১৬ শতাংশ।
উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলা প্ৰশাসনসমূহৰ সহযোগত যোৱা ২১ জুনৰ পৰা আৰম্ভ কৰা এই ক’ভিড প্ৰতিষেধক মহাঅভিযানৰ প্ৰথম তিনিটা দিনত মুঠ ৯,৬৭,৫৯৫ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযানৰ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী আৰু দ্বিতীয় দিনা ২,৪৯,৮৩৫ গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয়। ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ প্ৰথম তিনিটা দিনক অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপে গণ্য কৰি দৈনিক ৩ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ’বলৈ পৰীক্ষামূলকভাৱে অভিযানৰ আৰম্ভণি কৰিছিল।
স্বাভাৱিকতে, পৰীক্ষামূলক আৰম্ভণিৰ তিনিটা দিনৰ আশাব্যঞ্জক সফলতাৰ পিছত পৰবৰ্তী দিনসমূহতো অসমক ক’ভিডমুক্ত কৰাৰ এই নিৰ্ণায়ক অভিযান অধিক জোৰদাৰভাৱে আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। বুধবাৰে নিশা এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। দুদিন ধৰি উজনি অসমৰ তিনিখন জিলাৰ প্ৰতিষেধক কেন্দ্ৰই কেন্দ্ৰই ঘূৰি এই অভিযান নিৰীক্ষণ কৰাৰ অন্তত বুধবাৰে নিশা যোৰহাটৰ পৰা গুৱাহাটীলৈ ঘূৰাৰ প্ৰাকক্ষণত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী সিদ্ধান্তৰ আধাৰত আৰু আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব তথা দিক্-দৰ্শনত অসমতো আৰম্ভ হোৱা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ প্ৰথম তিনিটা দিনত আমি অতি আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছো।
ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ক’ভিড প্ৰতিষেধক প্ৰদানৰ দৈনিক লক্ষ্য অতিক্ৰমকাৰী অগ্ৰণী ৰাজ্যকেইখনৰ অন্যতম হিচাপে ৰাষ্ট্ৰীয় স্তৰতো প্ৰতিষ্ঠা লাভ কৰিছে বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। অসমৰ ৰাইজ প্ৰশংসা আৰু ধন্যবাদৰ পাত্ৰ। এই বৃহৎ অভিযানৰ প্ৰথম তিনিটা দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। এই তিনিদিনক বিশেষ পৰীক্ষামূলক প্ৰতিষেধক কাৰ্যসূচী ৰূপে গণ্য কৰি আমি অভিযানত আগবঢ়াৰ লগতে ইয়াৰ প্ৰতিটো দিশেই অতি সূক্ষ্মভাৱে নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিল। আৰম্ভণিৰ তিনিদিনত ৰাইজৰ এনে পূৰ্ণ সঁহাৰিৰ পাছত আমি এতিয়া পৰৱৰ্তী দিনসমূহতো পূৰ্ণ্যোদ্যমে আৰু অধিক সুসংহত ভাৱে এই ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান অব্যাহত ৰাখিবলৈ সাজু হৈছো বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক : ভগৱান ৰামৰ দ্বিতীয়টো সেউজীয়া মূৰ্তি থকা মন্দিৰ আছে অসমত
অহা ১৫ আগষ্টৰ ভিতৰতে ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ প্ৰতিগৰাকী লোককে ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম বুলিও আশা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। এই লক্ষ্যত উপনীত হৈ ৰাজ্যখনক ক’ভিডমুক্ত কৰাত সহযোগিতা অব্যাহত ৰাখিবলৈ অসমবাসী ৰাইজক অনুৰোধ জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ইফালে, ৰাজ্যত বৰ্তমান ক’ভিড প্ৰতিষেধক অভিযানৰ বাবে পৰ্যাপ্ত সংখ্যক প্ৰতিষেধক মজুত থকা বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বুধবাৰে নতুনকৈ ১,৬৬,০৬০ পালি বিনামূলীয়া ক’ভিড প্ৰতিষেধক লাভ কৰিছে। ইয়াৰে ১,৩৬,৩৩০ পালি ক’ভিশ্বিল্ড আৰু ২৯,৭৩০ পালি ক’ভাক্সিন প্ৰতিষেধক।