ক’ভিডত আক্ৰান্ত হৈ সাংবাদিক তথা গুৱাহাটী ইন্টাৰনেশ্যনেল মিউজিক ফেষ্টিভেলৰ (জি আই এম এফ)ৰ প্ৰতিষ্ঠাতা আয়ুষ্মান দত্তৰ মৃত্যু ঘটে।

সোমবাৰে সন্ধিয়া মৃত্যু ঘটা সাংবাদিক গৰাকীৰ যোৱা ২২ এপ্ৰিলত ক’ভিড ধৰা পৰিছিল আৰু একেটা দিনতে তেওঁক গুৱাহাটীৰ হায়াট হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

আৰু পঢ়কঃদেশত পুনৰ কভিড আক্রান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিলে

অসমত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আয়ুষ্মান দত্তই প্ৰথম গৰাকী সাংবাদিক।

শনিবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটা সাংবাদিক গৰাকীৰ চিকিৎসাৰ বাবে প্লাজমাৰ প্ৰয়োজন হৈছিল যদিও পৰিয়াল আৰু বন্ধুবৰ্গই চেষ্টা বহু কৰিও যদি প্লাজমা যোগাৰ কৰিব নোৱাৰিলে।

ইয়াৰ পিছত ভেণ্টিলেশ্যনত গুচি যোৱা দত্তক চিকিৎসাৰ বাবে Tocilizumab নামৰ ইনজেকশ্যনটো প্ৰয়োজন হৈছিল যদিও ইনজেকশ্যনটো গুৱাহাটীত উপলব্ধ নাছিল।

দেওবাৰে প্লাজমা দান কৰাৰ বাবে এগৰাকী ব্যক্তি পোৱা গৈছিল যদিও তেতিয়ালৈকে যথেষ্ট পলম হৈ যোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

আৰু পঢ়কঃচুমিলাৰ হত্যাকাৰীৰ বিৰুদ্ধে সৰব দল সংগঠন

দত্ত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘দ্য ছেন্টিনেল’ কাকতৰ ‘Melange’ৰ সম্পাদক আছিল।

ইয়াৰ উপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ লোক পৰম্পৰা তথা জীৱন আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ পৰিচলনা কৰাৰ লগতে সংগীত, নৃত্য আৰু সংস্কৃতিৰ বিষয়ে এখন কফি টেবুল বুক লিখি থৈ গৈছে।

সাংবাদিকগৰাকীৰ অকাল মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

মাক দেউতাক আৰু এজন জ্যেষ্ঠ ভাতৃক এৰি থৈ যোৱা  আয়ুষ্মান দত্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৫ বছৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply