অভয়াপুৰী : সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ দ্বিতীয়টো ঢৌৱে। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিড আক্রান্ত হৈ থকাৰ লগতে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ইতিমধ্যে ৰাজ্যত ক’ভিডৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে যদিও নিয়ন্ত্ৰণ হোৱা নাই সংক্ৰমণৰ হাৰ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাটো ক’ভিড ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাই আছে। জিলাখনৰ অভয়াপুৰীস্থিত জিলা কাৰাগাৰৰ ভিতৰত এইবাৰ ভয়াবহ সংক্ৰমণ ঘটিছে ক’ভিডৰ। কাৰাগাৰখনৰ ৩৬ জনকৈ কাৰাবন্দীৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে।

আৰু পঢ়কঃ বৃহস্পতিবাৰে ৰাজ্যত ৭৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু, আক্ৰান্তৰ হাৰ ৯.১৮ শতাংশ

ইতিমধ্যে ক’ভিড আক্রান্ত কাৰাবন্দী সকলক কাৰাগাৰখনৰ ভিতৰতে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কাৰাগাৰৰ ভিতৰত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসক, নাৰ্চ, চাফাই কৰ্মীকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে। চিকিৎসা কৰ্মীৰ দলৰ লগতে কাৰাগাৰৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন ৰখা হৈছে বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply