নিউজ ডেস্কঃ অপাৰেশ্যন কুৰুক্ষেত্ৰৰ দৰে অভিযান আৰম্ভ কৰি চৰকাৰৰ পৰিবহন বিভাগে ২০২২-২৩ বৰ্ষত বহু পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
সেই সময়তেই কামৰূপ জিলা পৰিবহণ বিভাগে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে কৰ সংগ্ৰহৰ ক্ষেত্ৰত।
২০২২-২৩ বৰ্ষত অন্য জিলাতকৈ কামৰূপ মহানগৰত সৰ্বোচ্চ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
২০২২-২৩ বিত্তীয় বৰ্ষত ৩৬৪ কোটি ৯৪ লাখ ৫০ হাজাৰ ৮৬৯ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে যি বিগত বৰ্ষত কৈ ২৭ শতাংশ অধিক।
২০২২-২৩ বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাই ৩২৫,৬০,১৪,৭০৮ টকা সংগ্ৰহৰ পৰিৱৰ্তে পৰিবহণ বিভাগৰ আইন বলবৎ শাখাই সংগ্ৰহ কৰিলে ৩৭,০৮,২১,২১১ টকা। ইফালে, কামৰূপ মহানগৰ মাণ্ডলিক পৰিবহন প্ৰাধিকৰণে সংগ্ৰহ কৰিলে ২,২৬,১৪,৯৫০ টকাৰ কৰ সংগ্ৰহ কৰে।
অপাৰেশ্যন কুৰুক্ষেত্ৰৰ অভিযানত কৰ-কাটল নিদিয়া যান-বাহনৰ গৰাকীৰ লগতে যান-বাহন আইন উলংঘা কৰা চালকক গুৰুতৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছিল। যাৰ ফলত জৰিমনাৰ পৰিমাণ বৃদ্ধি পাইছিল।
পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া গৌতম দাস আৰু জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসে জানিবলৈ দিয়ে যে, বিগত বৰ্ষৰ তুলনাত অধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰিবহন বিভাগে ৷ যাৰ জৰিয়তে বকেয়া কৰ, জৰিমনা ইত্যাদিৰ পৰা কামৰূপ মহানগৰৰ পৰিবহণ বিভাগে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, ২০২১-২২ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ২৮৭,৬৮,৯৫,৬৩০ টকাৰ ৰাজহ কৰ সংগ্ৰহ কৰিছিল।
লগতে পঢ়ক – ৭০ কোটিৰো অধিক ৰাজহ সংগ্ৰহ ডিব্ৰুগড় জিলা পৰিবহন বিভাগৰ