ক'ভিড আক্ৰান্ত

গুৱাহাটী : ভয়াবহ হৈ উঠিছে ৰাজ্যত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোক আক্রান্ত হৈছে মাৰাত্মক ক’ভিডত। মৃত্যুৰ মুখত পৰি আছে বহু লোক। বিগত কিছুদিন ধৰি সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিডৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ কঠোৰ হৈছে যদিও নিয়ন্ত্ৰনলৈ অহা নাই সংক্ৰমণৰ হাৰ।

ইতিমধ্যে সমগ্ৰ ৰাজ্যতে চৰকাৰে দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰিছে যদিও আক্রান্তৰ সংখ্যা বৃদ্ধি পাইয়ে আছে। দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ ৩৬৫০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়। আনহাতে মৃত্যুৰ মুখত পৰে ৫৬ জন ক’ভিড ৰোগী। দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হোৱা সকলৰ ভিতৰত ১১৯৭ জন কামৰূপ মেট্ৰ’ৰ, ২৬২ জন কাছাৰৰ, ২৪০ জন ডিব্ৰুগড় আৰু ২১১ জন কামৰূপ গ্ৰাম্যৰ।

ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হৈ উঠে ৪২২৫ জন ক’ভিড ৰোগী। ৰাজ্যত উক্ত দিনটোত ক’ভিডত আক্ৰান্ত ৫৬ জন ৰোগীৰ মৃত্যু হয়। এতিয়ালৈকে অসমত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩২৮৬২৯ জনলৈ পাইছে বৃদ্ধি। ইয়াৰে ৪৩৩৭৭ জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply