খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৩৮ সংখ্যক হু’নৰ হাট মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ।
১১ ৰপৰা ২০ মাৰ্চ লৈকে চলিব এই হাট । সংখ্যালঘু মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই হু’নৰ হাট।
প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা হু’নৰ হাট মেলাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী মুখটাৰ আব্বাচ নাকভি ৰাজ্য সভাৰ সাংসদ ভূৱেনেশ্বৰ কলিতা , লোক সভাৰ সাংসদ কুইন ওজা , মন্ত্ৰী ৰঞ্জিত দাস , অশোক সিংঘাল , চন্দ্ৰমোহন পাটোৱাৰী আৰু পূৱ গুৱাহাটী সমষ্টি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

অনুষ্ঠান উদ্ধোধন কৰি মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু সকলৰ বাবে লোৱা আঁচনিবোৰৰ সম্পৰ্কে উল্যেখ কৰি কয়,ৰাজ্য চৰকাৰে
প্ৰায় ১০০ টা সংখ্যালঘু অঞ্চলত বিদ্যালয় খোলাৰ পৰিকল্পনা কৰিছে। ইয়াৰ মূল কাৰন হ’ল সংখ্যালঘু সমাজৰ মাজত শিক্ষা ব্যৱস্থা ক্ষেত্ৰত গুৰুত্ব দিয়া ।
১০০ টা সংখ্যালঘু ব্লকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু মোদীৰ কাৰ্যকালত আৱাসীক স্কুলৰ লগতে বিদ্যালয় স্থাপনৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
অসমৰ সংখ্যালঘু অঞ্চল সমূহ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰো তাৰ বাবে ব্যবস্থা ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰী নাকভীয়ে আহ্বান জনালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply