নিউজ ডেস্ক : আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনা, শুকুৰবাৰে, ৩৯ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

কালিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আছিল বিজেপিৰ ফনিধৰ তালুকদাৰ (ভৱানীপুৰ), ৰূপজ্যোতি কুৰ্মী (মৰিয়নি), সুশান্ত বৰগোহাঁই (থাওৰা) আৰু কংগ্ৰেছৰ লুহিত কোঁৱৰ (মৰিয়নি)।

অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টি দুটাৰ বিধায়ক ক্ৰমে ইউ পি পি এলৰ লেহুৰাম বড়ো আৰু বি পি এফৰ মাজেন্দ্ৰ নাৰ্জাৰীৰ ফলাফল ঘোষণাৰ কিছুদিন পিছত মৃত্যু হৈছিল।

আনহাতে, আন তিনি গৰাকীয়ে বিধায়ক ক্ৰমে মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মী (কংগ্ৰেছ), থাওৰাৰ সুশান্ত বৰগোহাঁই (কংগ্ৰেছ) আৰু ভৱানীপুৰৰ ফনিধৰ তালুকদাৰ (এ আই ইউ ডি এফ) -এ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব লৈ ৰাজ্যসভালৈ গুচি যোৱাৰ পিছত মাজুলী বিধানসভা আসনসন খালী হৈ পৰিছে যদিও অহা উপ নিৰ্বাচনত উক্ত আসনখনৰ নিৰ্বাচন অনুষ্ঠিত নহয়।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : Indian Institute of Entrepreneurship -ত চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply