নিউজ ডেস্কঃ ঘোষণা কৰা হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। পুৱা ১০.৪৫ বজাত ঘোষণা কৰা হয় এই ফলাফল।
ছেবাৰ অফিচিয়েল ৱেবছাইট sebaonline.org ত আজি হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে নিজৰ ফলাফল লাভ কৰিছে। উল্লেখ্য যে, ৪ নবেম্বৰত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে আজি এই পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব।
যোৱা ২৮ আগষ্টত এই তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাত প্ৰায় ৮ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।