গুৱাহাটী : মহানগৰীৰ যোৰাবাটত জব্দ ৪.৫ কোটি টকা মূল্যৰ হে’ৰইন। পুৱতি নিশা আৰক্ষীৰ অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ হে’ৰইন। মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা ট্ৰাক এখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হে’ৰইনখিনি।
মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ৬৬০ গ্ৰাম হে’ৰইন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪.৫ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।
মণিপুৰৰ পৰা ট্ৰাকযোগে এই বৃহৎ পৰিমাণৰ হে’ৰইন সৰবৰাহৰ লগত জড়িত থকা দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে মণিপুৰৰ জেনিছ’ন টায়েজান আৰু মহম্মদ ৱাৰিছ।
লগতে পঢ়ক : হাতত চোকা অস্ত্ৰ লৈ ৰাইজক প্ৰাণে মৰাৰ ভাবুকি গাড়ী চালকৰ
ড্ৰাগছ সৰবৰাহকাৰী দুজন ট্ৰাকখনৰ চলক আৰু হেণ্ডিমেন। আৰক্ষীৰ এই বৃহৎ সফলতা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।