দুধনৈঃ দুধনৈত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। গোৱালপাৰাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুধনৈ আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ চাৰি ড্ৰাগছ সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয়।

দুধনৈৰ নিকটৱৰ্তী ফফলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মণিপুৰৰ পৰা অহা এগৰাকী মহিলাৰ লগতে তিনিগৰাকী লোকে মেঘালয়ৰ ফুলবাৰীৰ দুজন লোকক নিচাজাতীয় টেবলেটখিনি দি টকা ল’ব ধৰোতেই আৰক্ষীয়ে হাতে–লোটে কৰায়ত্ত কৰে যদিও দুজনে পলায়ন কৰিবলৈ সক্ষম হয় ৷

টেবলেট খিনি গাড়ীখনৰ টেলৰ টেংকীত লৈ আহিছিল। জব্দকৃত টেবলেটখিনিৰ আনুমানিক মূল্য ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে গাড়ীখনৰ বেকলাইটৰ ভিতৰৰ পৰা নগদ ২১ লাখ ৫০ হাজাৰ টকায়ো জব্দ কৰে।

লগতে পঢ়কঃ৭৬৭ জনক নিযুক্তিৰে একলাখ চাকৰিৰ যাত্ৰা আৰম্ভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply