মঙলদৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে দেওবাৰে মঙলদৈ বান্দিয়া চাপৰিৰ পৰা চাৰিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে।
ড্ৰাগছ ব্যৱসায়ী কেইটা হ’ল ৰেকিব জাভেদ , ফৰিদ আলি , দাদুল আলি আৰু মজিবুৰ ৰহমান। ব্যৱসায়ী কেইটাৰ পৰা ১৪ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।
এখন পালচাৰ নং এ এচ ০১বি জেদ ৫৬৮৫ আৰু দুখন স্কুতি নং এএচ ১৩জে২৪৮৫ আৰু এ এচ ১৩ ডি ৭০৭৭ ও জব্দ কলিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটাইকেইটাকে ব্যৱসায়িক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰে
লগতে পঢ়ক- নগাৱত প্ৰকৃতিপ্ৰেমী সংগঠনৰ ব্যতিক্ৰম ধৰ্মী পদক্ষেপ