নিউজ ডেস্কঃ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পাঞ্জাৱৰ পৰা চাৰি খালিস্তানী সমৰ্থকক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আজি দিনৰ প্ৰায় ১ মান বজাত স্থানান্তৰ কৰা হয়।

চাৰি খালিস্তানীৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া দল এটাও লগত আহিছে৷

এখন বিশেষ বিমানেৰে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা হয় চাৰিজন খালিস্তানী সমর্থকক৷

চাৰিজন খালিস্তানী সমর্থকৰ ভিতৰত ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙো থাকিব পাৰে বুলি বহুতে সন্দেহ কৰিছে৷

শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে অমৃতপাল সিঙৰ নেতৃত্বত থকা সংগঠনটোৰ কমেও ৭৮ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷

খালিস্তানী সমৰ্থকক গ্ৰেপ্তাৰৰ পিছত পাঞ্জাৱত যাতে কোনো অপ্ৰীতিৰ ঘটনা নহয় তাৰ বাবে দেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে পঞ্জাৱত ভইচ কলৰ বাহিৰে এছএমএছ আৰু ম’বাইল ইণ্টাৰনেট সেৱা সোমবাৰলৈকে বন্ধ কৰিছে।

পঞ্জাৱ আৰক্ষীয়ে শেহতীয়াকৈ ঘোষণা কৰা অনুসৰি ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙ ইতিমধ্যে ‘পলাতক’ হৈ আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply