বাৰিষাৰ প্ৰথম জাক বৰষুণে টীয়ক নগৰ কৃত্ৰিম বানে বুৰাই পেলাইছে

স্মৃতি ৰেখা লাহন, টীয়ক: ২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেণ্ড যুক্ত পথলৈ সম্পসাৰণ কৰিবৰ বাবে কাম আৰম্ভ কৰি বিশেষকৈ যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে সামগ্ৰিক পথ চোৱাত আজি তাৰিখলৈকে পঞ্চাছ শতাংশ কাম সম্পূৰ্ণ ন’হল |

অতি ক্ৰটিপূৰ্ণভাৱে কাম সম্পন্ন কৰিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হোৱাৰ লগতে বিশেষকৈ টীয়ক নগৰ অঞ্চলত নিৰ্মাণ কৰা নলাসমূহ সম্পূৰ্ণ ক্ৰুটিপূৰ্ণ যাৰ বাবে বাৰিষাৰ প্ৰথম জাক বৰষুণে টীয়ক নগৰৰ কৃত্ৰিম বানে বুৰাই পেলাইছে।বিশেষকৈ যি অংশত ব্লেক টপিং কৰিছিল সেই অংশ সমূহৰ বহু ঠাইত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। টীয়ক নগৰ অঞ্চলত নিৰ্মাণ কৰা নলা সমুহ সম্পূৰ্ণ ক্ৰুটি পুৰ্ণ হোৱা বাবে বাৰিষাৰ প্ৰথম জাক বৰষুণৰ ফলতে সৃষ্টি হোৱা কৃত্ৰিম বানে টীয়ক নগৰ বুৰাই পেলাইছে। এই সকলো বিষয়ৰ ওপৰত বিভিন্ন দল সংগঠনে নিৰ্মানকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওচৰত বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈ আহিছে।

এই সমগ্ৰ বিষয় সমূহৰ ওপৰত বিভিন্ন দল সংগঠনে বহু বাৰ নিৰ্মানকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত বহুবাৰ প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্যমন্ত্ৰীৰ কালচোৱাত টীয়কলৈ আহি নিৰ্মানকাৰী সংস্থা তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক কেতবোৰ ক্ৰুটিপূৰ্ণভাৱে কৰা কামবোৰ শুদ্ধ ৰূপত খৰটকীয়াকৈ কৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছতো বিভাগটোৰ গা নলৰিল |

আজি টীয়কত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগে চাৰিলে’ন যুক্ত পথৰ নিৰ্মানকাৰী সংস্থা এন এইচ আই ডি চি এলৰ বিষয়া ৰিকি আনন্দ আৰু সংস্থাটোৰ ওপৰত এক গোচৰ ৰুজু কৰে।লগতে অতি সোণকালে উক্ত পথছোৱাৰ পুন:নিৰ্মাণ বাবে দাবী জনায়।উল্লেখযোগ্য যে ছাত্ৰ সন্থাই সকলো দাবী সম্বলিত এই এজাহাৰ দেশৰ প্ৰধানমন্ত্ৰী,পথ পৰিবহণ মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনলৈও প্ৰেৰণৰ ব্যৱস্থা কৰি নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ পোণপটীয়া হস্তক্ষেপৰ বাবে আহ্বান জনায়।

লগতে পঢ়ক কোভিডসৃষ্ট পৰিৱেশত আৰ্তজনৰ কাষত অভিনেত্ৰী আইমী বৰুৱা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply