নিউজ ডেস্কঃ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংৰাৰীত জড়িত ৪ জন বিষয়াক নিলম্বন ৰাজ্য চৰকাৰ।

বৰপেটাৰ ৩ টা পথ নিৰ্মাণ বাবে MPLAD ৰ অধীনত ২৮ লাখ টকা আৱণ্টন হৈছিল। কিন্তু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতেই ভুৱা বিল দাখিল কৰি আৱণ্টিত ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদৰাকী কোষৰ প্ৰতিবেদনৰ ভিত্তিতেই শনিবাৰে ৪ ACS বিষয়া শৰ্মিষ্ঠা বৰা, মুনীন্দ্ৰ বৰদলৈ, সুকন্যা বৰা আৰু হেমন্ত কুমাৰ দত্তক নিলম্বনৰ নিৰ্দেশ দিয়া হয়।

উল্লেখিত নিলম্বিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব শৰ্মিষ্ঠা বৰা অজিত ভূঞা সাংসদ নিৰ্মাণ পুঁজি সমিতিৰ সভাপতি আছিল। ইফালে, সুকন্যা বৰা আৰু হেমন্ত কুমাৰ দত্ত কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত লগতে মুনীন্দ্ৰ বৰদলৈ কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত হিচাপে নিয়োজিত হৈ আছিল।

উল্লেখযোগ্য যে, বৰপেটা চহৰৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২ নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বিৰেণ দাসৰ ঘৰলৈ পথটোৰ বাবে ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বীনি দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে ১০ লাখ টকা আৱণ্টিত হৈছিল ।

লগতে পঢ়ক- Life of a Driver ৰ লেখক ৰপম দত্তৰ আপত যোগদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply