গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগমৰ ৪০ গৰাকীকৈ কৰ্মচাৰীক বৰ্খাস্ত। এই কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে বক্ৰপথেৰে  নিযুক্তি লাভ কৰা অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন হোৱাৰ পিছতে নিযুক্তি প্রক্রিয়াক লৈ তদন্ত কমিটী গঠন কৰা হৈছিল ৷ তদন্ত কমিটীৰ পৰা লাভ কৰা প্রতিবেদনৰ ভিত্তিতে ৪০গৰাকীকৈ অস্থায়ী কর্মচাৰীক আজি চৰকাৰে এক নির্দেশনাযোগে চাকৰিৰ পৰা বর্খাস্ত কৰে৷

লগতে পঢ়কঃপুনৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ চোৰাং গৰু

অস্থায়ীভাৱে নিযুক্তি পোৱা এই ৪০গৰাকী কর্মচাৰীক তদানীন্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাই বক্রপথেৰে নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply