তিনিচুকীয়া : তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত গৃহহীন হৈছে প্ৰায় ১৫০ জন লোক। কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।
তিনিচুকীয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তিনিচুকীয়া চহৰৰ গেলাপুখুৰী পথত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সুৰেন্দ্ৰ শ্বাহ নামৰ এজন লোকৰ ভাড়া ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডত লোকজনৰ ভাড়া ঘৰ সমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰায় ৪০ টা ঘৰ অগ্নিকাণ্ডত ভস্মীভূত হয়। বিদ্যুৎ বিজুতিৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক : মৰ্মান্তিক! বনৰীয়া হাতীৰ গচকত দুই শিশুৰ মৃত্যু
অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫০ জন লোক গৃহহীন হৈ পৰিছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।