প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী: নিৰ্বাচন আচৰণবিধি বলবৎ হোৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰি আহিছে। জব্দ কৰা ধনৰ পৰিমান কোটিৰ ঘৰ অতিক্ৰম কৰিছে । মঙলবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে ৪০ লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত এএছ-০৯-চি-২২৭২ নম্বৰৰ হিমাদ্ৰী নামৰ যাত্ৰীবাহী বাছখনত তালাচী চলোৱাৰ সময়ত এই বিশাল ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
গোলাঘাটৰ পৱন কুমাৰ শৰ্মা নামৰ লোকজনৰ জিম্মাৰ পৰা ধনখিনি জব্দ কৰা হৈছে । জব্দ হোৱা ধনখিনি শৰ্মাই ডিমাপুৰৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply