নিউজ ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে বিশ্ববাসীৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণ। ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত বিয়পি পৰিছে অ’মিক্ৰণ। ভাৰততো কেইবাজনো লোক আক্রান্ত হৈছে অ’মিক্ৰণত।
ভাৰতত পুনৰ তিনিজন লোকৰ শৰীৰত অ’মিক্ৰণৰ অৱস্থিতি ধৰা পৰিছে। নতুনকৈ তিনিজন লোক আক্রান্ত হোৱাত ভাৰতত অ’মিক্ৰণত আক্রান্ত লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। নতুনকৈ আক্রান্ত হোৱা সকলৰ ১ জন মহাৰাষ্ট্ৰৰ, ১ জন পুনেৰ আৰু এজন গুজৰাটৰ।
লগতে পঢ়ক : শিক্ষা প্ৰতিষ্ঠানক কৰ পৰিশোধ কৰিবলৈ এমাহৰ সময়সীমা
বৰ্তমানলৈকে ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক লোক অ’মিক্ৰণত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰত ২০ জন লোক অ’মিক্ৰণত আক্রান্ত হৈ থকাৰ পৰিবৰ্তে ৰাজস্থানত ৯ জন, গুজৰাটত ৪ জন, কৰ্ণাটকত ৩ জন, দিল্লীত ২ জন লোক আক্রান্ত হৈ আছে। আনহাতে কেৰালা, অন্ধ্ৰপ্ৰেদশ আৰু চণ্ডিগড়ত ১ জনকৈ লোক আক্রান্ত হৈছে আছে।