অসমত ৪,১২,৫৮২গৰাকী ভূমিহীন লোক থকাৰ বিপৰীতে ভূমিহীন নাগৰিকক ভূমিপট্টা আৰু ভূমি আবণ্টন পত্র বিগত চৰকাৰৰ দিনত মুঠ ৩,৩০,৮১২টা পৰিয়ালক দিয়া হৈছে ৷ অসম বিধানসভাত এই তথ্য দাঙি ধৰিলে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনে ৷
গৰাখহনীয়াত পৰা বহুজনকে মাটিৰ পট্টা দিয়াৰ তথ্য বিধানসভাৰ মজিয়াত দাঙি ধৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷ সেই তালিকা অনুসৰি ৭,৩৬১টা পৰিয়ালক বিশ্বনাথ জিলাত, ১৮৫৯টা পৰিয়ালক বঙাইগাঁও জিলাত, ৭,৮১৪টা পৰিয়ালক কাছাৰত, ৩,৬৭৯টা পৰিয়ালক চৰাইদেউত, ১,৫১৩টা পৰিয়ালক দৰঙত, ৩,৪৭৫টা পৰিয়ালক গোৱালপাৰা জিলাত, ২১,৩৩৮টা পৰিয়ালক তিনিচুকীয়া জিলাত, ১০,৫৭৮টা পৰিয়ালক ডিব্রুগড় জিলাত, ৮,৬১২টা পৰিয়ালক লখিমপুৰ জিলাত, ৫,২৩৯টা পৰিয়ালক মৰিগাঁও জিলাত, ৫,৮৪২টা পৰিয়ালক নগাঁও জিলাত, ২,৭৪৩টা পৰিয়ালক নলবাৰী জিলাত আৰু ৯,২৬১টা পৰিয়ালক শোণিতপুৰ জিলাত ভূমি আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
ৰাজ্য চৰকাৰে ২০১৬ চনৰ মে’ মাহৰ পৰা বিভিন্ন জিলাৰ ভূমিহীন পৰিয়ালক ম্যাদীপট্টা প্রদান কৰিছে৷ সেই তালিকা অনুসৰি বৰপেটা জিলাত ১,৩২৪টা , বিশ্বনাথত ৯৪৭টা , বঙাইগাঁও জিলাত ১,০২১টা , চৰাইদেউ জিলাত ৭৪৮টা , দৰং জিলাত ২০২২টা , গোৱালপাৰা জিলাত ১,৯৩৭টা , গোলাঘাট জিলাত ৭,১৬৮টা , যোৰহাট জিলাত ৮,০১৯টা , লখিমপুৰ জিলাত ৮,১৫৬টা , মৰিগাঁও জিলাত ১,২৬৩টা , নগাঁও জিলাত ১,৬৭১টা , নলবাৰী জিলাত ১,২৩৫টা , শোণিতপুৰ জিলাত ৬৪১টা , তিনিচুকীয়া জিলাত ১২,৯৬৯টা , বাক্সা জিলাত ৬২৫টা , কামৰূপ (মহানগৰ) জিলাত ১৪১টা , শিৱসাগৰ জিলাত ৩,৪০৬টা , ধুবুৰী জিলাত ৩৮১টা , ডিব্রুগড় জিলাত ১,৪৬০টা , কৰিমগঞ্জ জিলাত ২৮৭টা আৰু চিৰাং জিলাত ৩৭৫টা পৰিয়ালক ভূমিৰ পট্টা দিয়া হৈছে৷