গুৱাহাটী : অসম আৰক্ষীয়ে ড্ৰাগছ আৰু গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালে মানৱ সৰবৰাহৰ বিৰুদ্ধেও কঠোৰ হৈ উঠিছে। ইতিমধ্যে আৰক্ষীয়ে বহিঃৰাজ্যলৈ সৰবৰাহ হোৱা বহু কিশোৰী, মহিলা আৰু শিশুক উদ্ধাৰ কৰিছে। আৰক্ষীয়ে মানৱ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰীকো জালত পেলাবলৈ সক্ষম হৈছে।
ইয়াৰ মাজতে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে চিৰাং আৰক্ষীয়ে এক অভিযান চলাই অসমৰ পৰা সৰবৰাহ হোৱা ৪২ গৰাকীকৈ শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চিৰাং আৰক্ষীয়ে ছিক্কিমৰ পৰা উদ্ধাৰ কৰিছে এই শিশু সকলক। ৯ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ এই ৪২ গৰাকী শিশুক পঢ়া-শুনা কৰাব বুলি আশ্বাস প্ৰদান কৰি মানুহৰ ঘৰত বনকৰা হিচাপে নিয়োজিত কৰা হৈছিল।
অসমৰ পৰা শিশু সৰবৰাহ কৰা এটা বৃহৎ চক্ৰই মুঠ ৮০ গৰাকী শিশুক এইদৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল। ইয়াৰে ৪২ গৰাকী শিশুক চিৰাং আৰক্ষীয়ে ছিক্কিমৰ পৰা উদ্ধাৰ কৰিছে। ৮০ গৰাকী শিশুৰ ভিতৰত কিছু শিশু ডুবাইলৈও সৰবৰাহ কৰা হৈছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। এই মানৱ সৰবৰাহকাৰী চক্ৰৰ মূল ব্যক্তিজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক : নাজিৰাত ONGC-ৰ পাইপলাইন ফুটি কেইবা বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতি
কৃষ্ণ যোগী নামৰ মানৱ সৰবৰাহকাৰীজনে এই শিশু সকলক বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল। কৃষ্ণ যোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে। শুকুৰবাৰে চিৰাং আৰক্ষীয়ে উদ্ধাৰ কৰা এই শিশু সকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰবৰাহৰ লগতে মানৱ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰ অধিক কঠোৰ হৈছে বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।