নিউজ ডেস্ক : ভাৰতত ২৪ ঘণ্টাত পূৰ্বৰ ক’ভিড ৰোগীৰ মৃত্যুৰ ৰেকৰ্ড ভংগ হ’ল। মঙলাবাৰে ২৪ ঘন্টাত ভাৰতত ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যাই নতুন ৰেকৰ্ড গঢ়িলে। ২৪ ঘণ্টাত দেশত প্ৰথমবাৰৰ বাবে মৃত্যুৰ মুখত পৰিল ৪,২০০ জন ক’ভিড ৰোগী। আনহাতে নতুনকৈ ক’ভিড আক্রান্ত হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পালে দেশত।
দেশত মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে। প্ৰতিদিনে দেশত কেইবা লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। বিগত কিছুদিন ধৰি দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ কিছু শান্ত হোৱাত আক্রান্ত আৰু মৃতকৰ হাৰ হ্ৰাস পাইছিল যদিও পুনৰ উৰ্ধগামী হৈছে ক’ভিডৰ দ্বিতীয়টো ঢৌ।
মঙলাবাৰে দেশত ২৪ ঘণ্টাত ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪,২০০ জন লোক। আনহাতে ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে দেশত। সোমবাৰে ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ৩ লাখ ২৯ হাজাৰ লোক। সোমবাৰৰ তুলনাত মঙলাবাৰে পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাই ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হয় ৩ লাখ ৪৮ হাজাৰ লোক।
লগতে পঢ়ক : বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসান
উল্লেখ্য যে যোৱা ৭ মে’ত দেশত ২৪ ঘন্টাত মৃত্যুৰ মুখত পৰিছিল ৪,১৮৭ জন ক’ভিড ৰোগী। ইফালে দেশত মুঠ আক্রান্তৰ সংখ্যাৰ দিশৰ পৰা কৰ্ণাটকে মহাৰাষ্ট্ৰক পিছ পেলাইছে। মহাৰাষ্ট্ৰত মুঠ সক্ৰিয় আক্রান্তৰ সংখ্যা ৫,৫৮,৯৯৬ থকাৰ পৰিবৰ্তে কৰ্ণাটকৰ মুঠ সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৫,৮৭,৪৫২।