নিউজ ডেস্কঃ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। ৰাজ্যিক কেবিনেটে এইবাৰ বিশেষকৈ চাহ বাগিচাৰ শিক্ষাখণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৮১৯ টা শিক্ষক পদ সৃষ্টিৰ বাবে অনুমোদন জনাই।

কেবিনেট বৈঠকৰ পিছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি জনাই যে, চাহ বাগিচা কতৃপক্ষৰ দ্বাৰা পৰিচালিত ৪১৯ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ২ খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু ১ খন হাইস্কুল প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পেগুৱে কয় যে, ৪১৯ খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰত্যেক খনতেই দুটাকৈ শিক্ষক পদ সৃষ্টি কৰি নিয়মীয়া শিক্ষক নিযুক্তি দিব। প্ৰাদেশিকীকৰণ কৰিবলগীয়া চাহ বাগিচাৰ হাইস্কুল খনত চৰকাৰে প্ৰধান শিক্ষক পদৰ লগতে ৫ জন কৈ নিয়মীয়া শিক্ষকক নিযুক্তি দিব বুলি জনাই।

মন্ত্ৰী ৰণোজ পেগুৱে এইটো স্পষ্ট কৰে যে, চাহ বাগিচাৰ বিদ্যালয়ত কৰ্মৰত যি সকল শিক্ষক আছে তেওঁলোক বাগিচাৰ কতৃপক্ষৰ দ্বাৰাই পৰিচালিত কৰা হ’ব। এই সকল শিক্ষকক চৰকাৰে নিয়মীয়াকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি পেগুৱে কয়।

লগতে পঢ়ক – প্ৰসংগঃ কুকুৰ মাংস – মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী লৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply