বাক্সা : বাক্সা জিলাৰ মুছলপুৰত বিদ্যুৎ বিভাগৰ আজব কাণ্ড৷ দুখীয়া কৃষকৰ এমাহৰ বিদ্যুৎ বিল আহিল ৪৩,৭৪১ টকা৷ প্ৰাপ্ত তথ্য মতে নিকাছিৰ সমীপৱৰ্তী দূৰ্গাপুৰৰ বাসিন্দা মন বাহাদুৰ মগৰ নামৰ দুখীয়া লোকজনে প্ৰতিমাহে বিদ্যুৎৰ মাহিলী বিল আদায় কৰি আহিছিল৷ সেইমতে তেওঁ চলিত বৰ্ষৰ ওঠৰ জানুৱাৰীত দিয়ে ৮৬১ টকা, ওঠৰ ফেব্ৰুৱাৰীত দিয়ে ১০১ টকা, ১৯ মাৰ্চত দিয়ে ৮৭ টকা , তিনি মে’ত দিয়ে ৮৩ টকা।
পিছে ২১ মে’ত তেওঁৰ বিল আহে ৮২০০ টকা আকৌ ত্ৰিশ জুনত বিল আহে ৬১১৫ টকা৷ এই আটাইবোৰ বিদ্যুৎ বিল আদায় দিয়াৰ পিছতো অহা ১৯ জুলাইত বিদ্যুৎ বিল দিব লগা দেখুৱাই তেওঁলৈ এমাহৰ বিল আহিল ৪৩,৭৪১ টকা৷ বিলখন পাই কৃষক মন বাহাদুৰৰ মুৰত আকাশ ভাঙি পৰে৷ মন বাহাদুৰে এই সন্দৰ্ভত কয়, পূৰ্বৰ বিদ্যুৎ বিল বোৰতো ভুল আছিল৷ মই চাৰিটা এল ই ডি বাল্প আৰু দুখন ফেন ব্যৱহাৰ কৰো, কি কাৰণে মোৰ ইমান বিল আহে?
এই মাহত আৰু এখোপ চৰা৷ একেবাৰে এমাহত ৪৩ হাজাৰ টকা৷ এনে ভুল বিল দি আমাক মাৰিব বিচাৰিছে। যদি এনেকৈ ভুল বিল দি মোক হাৰাশাস্তি কৰি থাকে তেন্তে মই মৰি যাম আৰু মোৰ মৃত্যুৰ বাবে দায়ী হ’ব বিদ্যুৎ বিভাগ৷ বিভাগে বাৰে বাৰে ভুল বিল দি মোক চিন্তাত পেলাইছে বুলি ক্ষোভ উজাৰে দুখীয়া কৃষক গৰাকীয়ে।
লগতে পঢ়ক : প্ৰথম দিনাই বিধানসভাত গো সুৰক্ষা বিধেয়ক উত্থাপন
কৃষক গৰাকীয়ে বিদ্যুৎ বিভাগে গ্ৰাহককলৈ এনে লৰা ধেমালী বন্ধ কৰিবলৈ দাবী জনায়৷ লগতে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈও দাবী জনায় মন বাহাদুৰ মগৰ নামৰ কৃষক গৰাকীয়ে। বিদ্যুৎ বিল নিদিলে বিদ্যুৎ কাটি দিয়াৰ নিৰ্দেশ দিয়া বিদ্যুৎ মন্ত্ৰী গৰাকীয়ে বিদ্যুৎ বিভাগক সংশোধন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব নে?