নিউজ ডেস্ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । বিগত ২৪ ঘন্টাত ৪৫৩ দালালক আটক কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ।
দীৰ্ঘদিন ধৰি ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ দালালসমূহৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যৰ মাটি দালালসমূহক সকীয়নি প্ৰদানৰ পিছতেই সোমবাৰে ৰাজ্যজুৰি মাটি দালালৰ বিৰুদ্ধে চলোৱা অভিযানৰ অন্তত এদিনতে ৪১৫টা দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই দালালৰ লগতে সাংবাদিক, কৰ্মচাৰীৰ লগতে বিজেপি কৰ্মীকো আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ছয়গাঁৱত ২০ গৰাকী, হাইলাকান্দিত ১২গৰাকী, বঙাইগাঁৱত ১৪জনক, সৰ্থেবাৰীত ৫জনক, শিৱসাগৰত ৫গৰাকীৰ লগতে ৰাজ্যৰ আন আন স্থানৰ পৰা ৪৫৩ গৰাকীক আৰক্ষীয়ে আটক কৰিছে।
হোজাই জিলাত দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে বৃহৎ অভিযান। আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত নিশা চলোৱা হৈছে এই অভিযান। জিলাখনৰ কেইবাখনো আৰক্ষী থানাই চলোৱা অভিযানত ২৬টা দালালক কৰা হৈছে আটক।
যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বদন বৰাৰ নেতৃত্বত চলোৱা অভিযানত ফাৰুক আহমেদ, আনোৱাৰ হুছেইন লস্কৰ, মুকুল দে আৰু মিথুন চান্দা আটক হোৱাৰ বিপৰীতে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ অভিযানত ৯জন, ডবকা থানাৰ অভিযানত ৪ জন, লংকা থানাৰ অভিযানত ৪জন আৰু মোৰাঝাৰ থানাৰ অভিযানত ৫জনক কৰা হয় আটক।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বৰ্তমানলৈকে প্ৰায় ৪৫০ দালালক আটক কৰিছে। ৰাজ্য চৰকাৰৰ হাতত ৭০০ এনে ব্যক্তিৰ তালিকা আছে | আজি কেৱল ৰাইজৰ সন্মুখলৈ লৈ আহিছো, বেছি খান্দিলে বহু মানুহৰ নাম সাঙোৰ খাব। এয়া কেৱল এটা সকিয়নি, মৃত্যুৰ চাৰ্টিফিকেটৰ বাবে টকা দিব লাগে। এই ক্ষেত্ৰত মধ্যভোগীক অফিচত স্থান নিদিবলৈ বিষয়াসকলক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
ৰাজহ চক্ৰ বিষয়াসকলক এই দালালবোৰক আতৰাবলৈ মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকতে নিৰ্দেশ দিছিল যদিও তেওলোকে এই মুঠেও গুৰুত্ব দিয়া নাছিল ।
লগতে পঢ়ক- সৰ্বানন্দ সোনোৱালে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাজ্য সভা নিৰ্বাচনৰ বাবে