গুৱাহাটী : কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ আৰম্ভণিত অসমৰ পৰিস্থিতি দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত নিয়ন্ত্ৰণত আছিল যদিও বিগত কিছুদিন ধৰি অসমৰ পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ পৰা পৰিলক্ষিত হৈছে। অসমত প্ৰতিদিনে কভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও।
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৪৬ জনকৈ কভিড আক্রান্ত ৰোগী মৃত্যুৰ মুখত পৰে। অসমৰ পৰিস্থিতি কিমান বেয়াৰ ফালে গতি কৰিছে ইয়াৰ অনুমান কৰিব পাৰি কভিড আক্রান্ত ৰোগীৰ সংখ্যাৰ পৰা। বৃহস্পতিবাৰে ৰাজ্যত কভিডত আক্রান্ত হয় ৪৯৩৬ জনকৈ লোক।
আক্রান্ত সকলৰ ভিতৰত ১৩৫৩ জন লোক কামৰূপ মহানগৰ জিলাৰ। হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে ৰাজ্যত কভিড পৰীক্ষা কৰা হয় ৬১৩৭৭ জন লোকৰ। কভিড পৰীক্ষা কৰা ৬১৩৭৭ জন লোকৰ ভিতৰত ৪৯৩৬ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে।
কামৰূপ মহানগৰ জিলাত বিগত ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হৈছে ১৩৫৩ জন লোক। ৰাজ্যত কভিড পজিটিভিটিৰ হাৰ হৈছে ৮.০৪। এই সময়ছোৱাত ৰোগৰ পৰা মুক্তিৰ হাৰ হৈছে ৮৭.৫০ শতাংশ। কলিয়াবৰত বৃহস্পতিবাৰৰ দিনটোত ১৯ জন লোক আক্ৰান্ত হৈছে কভিডত ৷ কলিয়াবৰত কভিডত আক্ৰান্তৰ সংখ্যা মুঠ ১৮১ জনলৈ বৃদ্ধি পাইছে৷
ধুবুৰী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ৯৮ জনকৈ লোক। জিলাখনত এতিয়ালৈকে মুঠ ৮২৩ জনকৈ লোক কভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১৩৭ গৰকীকৈ ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৭ জনকৈ ৰোগীৰ মৃত্যু হৈছে জিলাখনত। আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ ৬৭৯ জন কভিড আক্ৰান্ত ৰোগী জিলা স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত আছে।
ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ দিনটোতে ৯০ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি পোৱা গৈছে। তাৰে ১১ গৰাকী চৰাইদেউ জিলাৰ আৰু চাৰি গৰাকী টিংখাং নাহৰণি ব্লকৰ নিবাসী। ইপিনে খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এলেকাটোত বৃহস্পতিবাৰ পৰ্যন্ত মুঠ ৫৭৩ জন লোক কভিডত আক্ৰান্ত হৈছে
ইফালে দেশৰ ৰাজধানীত পুনৰ অন্য এগৰাকী অসমীয়াৰ কভিডত আক্রান্ত হৈ মৃত্যু ঘটে। দিল্লী নিবাসী অসমীয়া অধ্যাপক ড° পংকজ কুমাৰ মেধি কভিডত আক্ৰান্ত হৈ দিল্লীত মৃত্যুৰ মুখত পৰে। বিগত তিনিদিন ধৰি কভিডত আক্ৰান্ত হৈ বুধবাৰে নিশা ২:৩০ বজাত দিল্লীৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত অক্সিজেনৰ অভাৱত পৰলোক প্ৰাপ্তি ঘটে দিল্লী নিবাসী বৰপেটা জিলাৰ বহৰিৰ ভূমিপুত্ৰ ডঃ পংকজ কুমাৰ মেধিৰ।
বহৰি উত্তৰপাৰাৰ গণেশ মেধিৰ পুত্ৰ ৪৭ বছৰীয়া ডঃ পংকজ কুমাৰ মেধি আই আই টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ইঞ্জিনিয়াৰিঙত ডক্টৰেট সম্পন্ন কৰি দিল্লীৰ বেনেট বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল।
শেহতীয়া পৰিস্থিতি সম্পৰ্কে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে লকডাউন দিয়াৰ বিকল্প নাথাকিব।” লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমত এদিনত কভিড আক্ৰান্তৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিলে অসমৰ পৰিস্থিতিও দিল্লীৰ দৰেই হৈ পৰিব বুলি আশংকা কৰা হৈছে। সেইবাবেই ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাই মন্ত্ৰীজনে।