নিউজ ডেস্ক : যোৱা দুটা দিনত বড়ো বিদ্ৰোহী গোট নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)-ৰ ৪৬ গৰাকী সদস্যই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰে। দেওবাৰে আৰক্ষীৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সংগঠনটোৰ ৩২ গৰাকী সদস্যই আত্মসমৰ্পন কৰাৰ বিপৰীতে শনিবাৰে ১৪ গৰাকী সদস্যই আত্মসমৰ্পন কৰিছিল।
উল্লেখযোগ্য যে যোৱা ২২ জুলাইত সংগঠনটোৰ প্ৰধান নেতা এম বাথায়ে ২২ গৰাকী কেডাৰসহ ওদালগুৰিত অস্ত্ৰ সম্বৰণ কৰাৰ পিছত যোৱা দুদিনত সংগঠনটোৰ ইমান সংখ্যক কেডাৰে আত্মসমৰ্পন কৰিছে। এই পৰ্য্যন্ত বিদ্ৰোহী গোটটোৰ ৬৯ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰিছে।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই পি টি আইক কয়, ‘কোকৰাঝাৰক দুটা দিনত ৪৬ গৰাকী NLFB উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰিছে। তেওঁলোক ঝাৰবাৰি ফৰেষ্ট ৰেঞ্জত গোট খাইছিল আৰু আৰক্ষীয়ে তেওঁলোকক কোকৰাঝাৰলৈ লৈ আনে।’
তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬টা এ কে ৪৭ ৰাইফল, ২টা কাৰ্বাইন, প্ৰত্যেকে ছেল্ফ-ল’ডিং ৰাইফল আৰু .৩০৩ ৰাইফল, এটা ৯ এম এম পিষ্টল, ৩টা হেণ্ড গ্ৰেণেড আৰু বৃহৎ সংখ্যক কাৰ্টিজ উদ্ধাৰ কৰে বুলি তেওঁ লগতে জনায়।
আত্মসমৰ্পন কৰা সকলৰ ভিতৰত NLFB –ৰ প্লাটুন কমাণ্ডাৰ বি হাৰফা আছে বুলি আন এগাৰকী বিষয়াই জানিবলৈ দিয়ে।
এইসকল কেডাৰে আত্মসমৰ্পন কৰাৰ পিছত এতিয়া সংগঠনটোৰ বাকী থকা কেডাৰ সকলেও অহা কিছুদিনৰ ভিতৰত আত্মসমৰ্পন কৰিব বুলি বিষয়া গৰাকীয়ে দাবী কৰে।
লগতে পঢ়ক : দেউচুঙাত বন্যহস্তীয়ে ভাঙিলে ৩টাকৈ পৰিয়ালৰ বাসগৃহ