কোৰোনাৰ ভয়াবহ সংক্ৰমণ

গুৱাহাটী : বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক কভিডত আক্ৰান্ত হৈছে ৫৬২৬ জন লোক। আজিৰ দিনটোত ৬৮৩১৮ টা ক’ভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই সময়ছোৱাত ৪৭ গৰাকী লোকৰ মৃত্যু হৈছে ৰাজ্যখনত।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হৈছে ১৫৫১ জন লোক। কভিড পজিটিভিটিৰ হাৰ হৈছে ৮.২৪। এই সময়ছোৱাত ৰোগৰ পৰা মুক্তিৰ হাৰ হৈছে ৮৬.৯১ শতাংশ।

বিগত ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ মৃত্যু হোৱা ৪৭ জন লোকৰ ভিতৰত আছে সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এজন যুৱক। নিউজ ১৮ অসমত কৰ্মৰত মনোজ কলিতা নামৰ এজন যুৱক কভিডত আক্রান্ত হৈ অকালতে মৃত্যুক আঁকোৱালি লয়।

মনোজ কলিতা বিগত কিছুদিন ধৰি কভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। মনোজ কলিতাৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত শুকুৰবাৰে মৃত্যু ঘটে মনোজ কলিতাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply