তিনিচুকীয়া : এগৰাকী শুকান মাছৰ ব্যৱসায়ী। সাধাৰণ জুপুৰী ঘৰত বসবাস কৰে শুকান মাছৰ ব্যৱসায়ী গৰাকী। কিন্তু সাধাৰণ জুপুৰী হ’লেও এই জুপুৰী ঘৰৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু বজাৰত শুকান মাছৰ ব্যৱসায় কৰে জগদীশ চৌহান নামৰ এজন লোক। শুকান মাছৰ ব্যৱসায় কৰা জগদীশ চৌহান বসবাস কৰে এটা সাধাৰণ জুপুৰীত।
আৰক্ষীয়ে জগদীশ চৌহানৰ জুপুৰীত অভিযান চলাই জব্দ কৰে ৪৭ লাখ ৫০ হাজাৰ টকা। জগদীশ চৌহান নামৰ লোকজন ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জগদীশ চৌহানৰ জুপুৰীত অভিযান চলাইছিল।
লগতে পঢ়ক : উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা
অভিযানৰ পিছত অৱশ্যে জগদীশ চৌহান নামৰ লোকজনে কয় যে এইয়া শুকান মাছৰ ব্যৱসায় কৰি উপাৰ্জন কৰা ধন। টকাখিনি তেওঁ ঘৰ নিৰ্মাণৰ বাবে জমা কৰি ৰাখিছে। এই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই।