সমগ্ৰ দেশৰ লগতে অহা ২৮-২৯ মার্চত অসমতো ৪৮ ঘণ্টাৰ বাবে ব্যাহত হ’ব যাতায়ত ব্যৱস্থা । মটৰ শ্ৰমিক সংগঠন সমূহে মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি কাৰ্যকৰী কৰা, যান বাহনৰ অত্যাধিক জৰিমনা প্ৰত্যাহাৰ, ক’ভিড কালৰ সাহায্য মটৰ শ্ৰমিকসকলক প্ৰদান কৰা আদি দাবীৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচন সমূহে আহ্বান জনোৱাঁ দুদিনীয়া চকাবন্ধলৈ মুকলি সমৰ্থন জনাইছে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই ।
অসম মটৰ শ্ৰমিক সন্থাৰ বীৰেন শৰ্মাই সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে । উল্লেখ্য যে চকাবন্ধ সফল কৰা বাবে ৰাইজৰ লগতে গাড়ীৰ গৰাকীসকলক আহ্বান জনায় শৰ্মাই কয়, বন্ধৰ সময়ছোৱাত পৰীক্ষাৰ্থী, গাখীৰ, পানীযোগান, বিজুলী, জৰুৰী-অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই প্ৰদান কৰা হৈছে ।
গুৰুত্বপূৰ্ণ কথা যে লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা মটৰ শ্ৰমিকক ৰাজ্য চৰকাৰে কোন ধৰণৰ সাহায্য নিদিলে । দুটাকৈ বছৰ ঘৰতে থাকি মটৰ শ্ৰমিকসকলে এতিয়া ৰাজপথলৈ ওলাই আহিছে । কিন্তু ৰাজ্য চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ বাবে মটৰ শ্ৰমিকসকলক বাহনৰ অত্যাধিক কৰ আৰোপ কৰি জৰিমনা বিহিছে ।
যি সময়ত আৰ্থিক অনাটনত লাখ-লাখ গাড়ী চলাচল ইতিমধ্যে বন্ধ হৈছে, তেনে সময়ত যেনে তেনে চলাই থাকিব বিচৰা গৰাকীসকলক অত্যাধিক কৰৰ বোজা জাপি বাহনসমূহ একেবাৰে বন্ধ কৰাৰ ষড়যন্ত্ৰত নামিছে ।