বিধানসভা বাজেট অধিবেশনৰ প্ৰথম দিনা উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী। বিভিন্ন সংগঠনে তেওলোকৰ দাবী সমূহক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল।
স্থায়ী নিযুক্তি আৰু নিয়মীয়া দৰমহাৰ দাবীত সদৌ অসম নতুনকৈ প্ৰদেশিকীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
প্ৰতিবাদী সকলে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে ধৰ্ণাস্থলী।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ কৰ্মৰত ২১০৭ জন কৰ্মচাৰীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবী জনায় চৰকাৰক।
২০২১ চানৰ ১ জানুৱাৰীৰ পৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা কাৰ্যকৰী কৰাৰ দাবী জনায়।