দুধনৈ : গোৱালপাৰা জিলা আৰক্ষীৰ বৃহৎ সাফল্য। গোৱালপাৰাৰ দুধনৈ আৰু ৰংজুলি আৰক্ষীয়ে যুটীয়া অভিযান চলাই কেইবাখনো বাইকসহ ৫ জনকৈ বাইক চোৰ গ্ৰেপ্তাৰ কৰে। বাইক চুৰি চক্ৰটোৰ কবলৰ পৰা আৰক্ষীয়ে বহু ভুৱা নম্বৰ প্লেট উদ্ধাৰ কৰে।
এফালে ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী তীব্ৰতৰ অভিযান আনফালে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন কুখ্যাত বাইক চুৰি চক্ৰ উৎখাতৰ বাবে তৎপৰতা। বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই পুনৰ এক বৃহৎ সাফল্য লাভ কৰিলে গোৱালপাৰা আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিল কুখ্যাত বাইক চুৰি চক্ৰৰ তিনিজন সদস্য।
দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতী আৰু ৰংজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবেন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শিমলীতোলা আৰক্ষীৰ সহযোগত ৰংজুলিৰ খেৰোপাৰাৰ পৰা নুৰ আলম নামৰ কুখ্যাত বাইক চোৰ এজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে বাইক আৰু বহু ভুৱা নম্বৰ প্লেট। নুৰ আলমক জেৰা চলাই চলাই আৰক্ষীয়ে পুনৰ অভিযান চলাই আব্দুল ৰহিম আলী, মালেক হুছেইন, ৰাজিবুল ইছলাম আৰু চমেছ আলী নামৰ চাৰি জন বাইক চুৰক গ্ৰেপ্তাৰ কৰে।
আৰু পঢ়কঃ বাক্সা জিলাৰ বৰমা-মুছলপুৰ পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
উল্লেখ্য যে বাইক চুৰি চক্ৰটোৰ কবলৰ পৰা আৰক্ষীয়ে ব্যৱসায়িক বাহনৰ বহু নম্বৰ প্লেটো উদ্ধাৰ কৰে। বাইক চুৰি চক্ৰটোৱে কেৱল গোৱালপাৰা জিলাতে নহয় অসমৰ বিভিন্ন প্ৰান্তত বাইকৰ চোৰাং ব্যৱসায় চলাই থকা বুলি গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে জানিবলৈ দিয়ে যে, এই চক্ৰটোৰ আৰু বহু সদস্য আৰক্ষীৰ জালত পৰিব লগতে চুৰি বাইক উদ্ধাৰ হ’ব।