নিউজ ডেস্ক : মিঠাই খাই ভাল নোপোৱা মানুহ হয়তো খুব কমহে ওলাব। দোকানত বিভিন্ন মিঠাই দেখি আমাৰ লোভ লাগে যদিও স্বাস্থ্যৰ খাতিৰত বা কেতিয়াবা দাম বেছি হোৱাৰ বাবে আমি কিনাৰ পৰা বিৰত থাকো।
অৱশ্যে দোকানলৈ নোজোৱাকৈ নিজৰ ঘৰতে আমি অতি সহজে বিভিন্ন সুস্বাদু মিঠাই বনাব পাৰো।
মাখন মিশ্ৰী

এইবিধ মিঠাই মাখনেৰে তৈয়াৰ কৰা হয়। ইয়াৰ বাবে সতেজ মাখনত এক চামুচ দৈ আৰু কম সোৱাদ অনুসৰি চেনি মিহলাই তাক ভালদৰে মথি ল’ব লাগে। এইদৰে মথি লোৱা মাখনখিনিত বাদাম, আৰু ড্ৰাই ফ্ৰুটছ মিহলাই তাক পৰিৱেশন কৰিব পাৰে।
জাতিলাওৰ বৰ্ফি

জাতিলাওৰ বৰ্ফি খাবলৈ যেনেকৈ ভাল ইয়াক বনাবলৈও তেনেই সহজ। তদুপৰি ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াক বনাবলৈ এটা পুৰঠ জাতিলাও, কনডেনচড মিল্ক (condensed milk) আৰু ঘিউ লাগে। চেনিৰ সলনি মৌ ৰস ব্যৱহাৰ কৰিব পাৰে। পৰিৱেশন কৰাৰ পূৰ্বে আলমণ্ড টুকুৰা দি ধুনীয়াকৈ সজাই কিছু সময় ফ্ৰীজত ভৰাই ৰাখক।
কনডেনছড মিল্কৰ সৈতে নাৰিকলৰ লাৰু

নাৰিকলৰ লাৰু সকলো অসমীয়াৰে এবিধ চিনাকী আৰু প্ৰিয় মিঠাই। ইয়াক কনডেনছড মিক্লৰ সৈতে বনালে খাবলৈ আৰু ভাল হয়। মিহিকৈ ৰুকি লোৱা নাৰিকলখিনি চেনি আৰু কনডেনছড মিল্ক মিহলাই ভাজি ইয়াক বনাব পাৰি।
মকুৱা (ভেঁট গুটি)ৰ খীৰ

কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা সকলৰ বাবে ই এবিধ উৎকৃষ্ট মিঠাই। ভেট গুটিসমূহ গাখীৰত ভালদৰে সিজাওক, সোৱাদৰ বাবে তাত আলমণ্ড, পেস্তা বাদাম (pistachio), খিচমিচ, ইলাচি গুড়ি মিহলাব পাৰে।
লগতে পঢ়ক : এবিধ থলুৱাভাৱে প্ৰস্তুত নিমখ; দাম প্ৰতি কিলোত ১,২০০ টকা! ত্ৰিপুৰাৰ যুৱকৰ ব্যতিক্ৰমী ব্যৱসায়