স্থিতপ্ৰজ্ঞ লাভলীনা

নিউজ ডেস্ক : অলিম্পিকত পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। শুকুৰবাৰে টাইপেৰ চিয়েন চিন চেনক ৪-১ পইণ্টত পৰাস্ত কৰি লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনে।

অলিম্পিকত প্ৰথম গৰাকী মহিলা অসমীয়া খেলুৱৈ হিচাপে যোগদান কৰি প্ৰথমবাৰতে খিতাপ আনিবলৈ সক্ষম হোৱা লাভলীনাৰ এই যাত্ৰাৰ কেইটিমান বিশেষ কথা চাওঁ আহক –  

১. গোলাঘাটৰ জীয়ৰী লাভলীনা বক্সিঙৰ প্ৰতি প্ৰথম আকৰ্ষিত হয় সপ্তমনাম শ্ৰেণীত পঢ়ি থকা সময়ত। পিতৃয়ে ঘৰলৈ অনা এখন আলোচনীত বিখ্যাত বক্সাৰ মোহম্মদ আলীৰ বিষয়ে লিখা আছিল। দেউতাকে আলীৰ বিষয়ে কোৱা কথাবিলাকে লাভলীনাক বক্সিঙৰ প্ৰতি আগ্ৰহী কৰি তোলে।

২. বক্সিঙৰ জগতখনত লাভলীনাৰ আনুষ্ঠানিক প্ৰৱেশ ঘটে ২০১২ চনত। Sports Authority of India –ৰ গুৱাহাটীৰ প্ৰশিক্ষক পদুম বড়োৰ তত্ত্বাৱধানত লাভলীনাই বক্সিঙৰ যাত্ৰা আৰম্ভ কৰে।

৩. ২০১৭ চনত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৱেলটাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

৪. টকিঅ’ অলিম্পিকৰ পূৰ্বে লাভলীনাই আঁজুৰি অনা দুটা ডাঙৰ সফলতা হৈছে ২০১৮ চনত দিল্লীত অনুষ্ঠিত আইবা মহিলা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০১৯ চনত ৰাছিয়াত অনুষ্ঠিত Magomed Salam Umakhanov Memorial International Boxing Tournament-ত ৱেলটাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক অৰ্জন।

৫. ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ২০২০ চনত লাভলীনাক অৰ্জুণ বঁটাৰে সন্মানিত কৰা হয়।

লগতে পঢ়ক : বিদ্যালয়ৰ চৌহদৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰিং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply