নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও এই বিপদৰ পৰা আমি সম্পুৰ্ণৰূপে মুক্ত হোৱা নাই। সেয়ে আমি মাস্ক আদি পিন্ধি সতৰ্কতা অৱলম্বন কৰাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব লাগিব।
সেয়ে আমি আপোনালোকৰ বাবে সহজে ঘৰতে বনাব পৰা কেইবিধমান ‘ড্ৰিংকছ’ লৈ আনিছো যি স্বাস্থ্য ভালে ৰখাৰ লগতে আপোনাৰ শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব।
হালধিৰ ৰস

আমি খাদ্যত ব্যৱহাৰ কৰা এক অন্যতম মচলা হালধিৰ যথেষ্ট ঔষধি গুণ আছে। ইয়াৰ ৰোগ প্ৰতিৰোধ আৰু উপশম কৰিব পৰা ক্ষমতা আছে।
তদুপৰি ই আমাৰ ছাল সুন্দৰ কৰি ৰখাতো অৰিহণা যোগায় আৰু কৃমিৰ সমস্যাৰ সমাধান কৰে।
ইয়াৰ বাবে আপুনি এগিলাছ পানীত হালধিৰ গুড়ি, জালুক ভালদৰে উতলাই তাত অলপ নেমুৰ ৰস চেপি তাক পুৱা খালী পেটত খোৱা কৰিব পাৰে।
মচলা চাহ

আমি সকলোৱেই মচলা চাহ খাই নিশ্চয় ভাল পাওঁ। সুস্বাদু হোৱাৰ উপৰি মচলা চাহ এবিধ ভাল ৰোগ প্ৰতিৰোধী ড্ৰিংকছ হয়। অতি সহজতে ইয়াক ঘৰতে তৈয়াৰ কৰিব পাৰি।
মিহিকৈ কটা কেইটুকুৰামান আদা, লং, ইলাচি, গোটা জালুক আৰু তুলসী পাত এক কাপ পানীত প্ৰায় ৩০ মিনিট ধৰি উতলাওক। যদি আপুনি মিঠা বিচাৰে তেন্তে তাত একচামুচ মৌ দি ল’ব পাৰে।
কাঢ়া

ভাৰতত প্ৰাচীন সময়ৰ পৰা ঘৰতে বনাব পৰা কাঢ়া তৈয়াৰ কৰা হয়। ইয়াৰ যথেষ্ট ৰোগ প্ৰতিৰোধী ক্ষমতা আছে। ইয়াক বনাবলৈ ডালচেনি, লং, তুলসী, বগা জীৰা, জালুক আৰু হালধিৰ প্ৰয়োজন।
অৱশ্য সোৱাদৰ বাবে আপুনি অলপ গুৰ বা মৌ দিব পাৰে। ই আমাক ভাইৰাছজনিত ৰোগ-বিশেষক পৰা আঁতৰাই ৰখাৰ লগতে শ্বাস-প্ৰশ্বাস সন্বন্ধীয় সমস্যাৰ পৰাও আঁতৰাই ৰাখে।
কানজি

কানজি এবিধ প্ৰাকৃতিক প্ৰ’বায়টিক ড্ৰিংক, ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কানজি তৈয়াৰ কৰিবলৈ আপোনাক লাগিব অলপমান সৰিয়হৰ গুটি, টুকুৰা টুকুৰকৈ কটা গাজৰ, টুকুৰা টুকুৰকৈ কটা বীট, অলপমান নিমখ আৰু পানী।
এইসকলো বিলাক সামগ্ৰী ভালদৰে মিহলাই লৈ এটা কাচৰ জাৰত ঢালি তাক ১ৰ পৰা ২ সপ্তাহলৈ ৰ’দ পৰা এটুকুৰা ঠাইত থৈ দিয়ক। পিছত আপুনি ইয়াক ফ্ৰীজত ৰাখি ঠাণ্ডা কৰিও খাব পাৰে।
লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ; অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ১ কোটি টকাৰ স্কলাৰশ্বিপ