মানকাচৰ : মানকাচৰৰ কুচনিমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। ভেকচিন লোৱা লোকক ৫ কেজি চাউল, আমূল বিতৰণ। দেশৰ ভিতৰত মানকাচৰ জিলাত ভেকচিনৰ হাৰ নিম্নগামী হোৱাৰ বাবে এই পদক্ষেপ। দেশ তথা ৰাজ্যৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিড ভেকচিনৰ হাৰ নিম্নগামী হোৱাৰ ফলত জিলা প্ৰশাসনে প্ৰতিখন গাঁও পঞ্চায়তত গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলক লৈ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ক’ভিড ভেকচিন লোৱা লোক দুই বছৰৰ ভিতৰত মৃত্যু মুখত পৰে আৰু বন্ধাকৰণ হয় বুলি জিলাখনৰ গাঁও অঞ্চলত এক উৰা বাতৰি বিয়পি পৰিছে। এই উৰা বাতৰি বিয়পি পৰাৰ ফলত জিলাখনত ভেকচিনৰ হাৰ অস্বাভাৱিকভাৱে নিম্নগামী হৈ পৰিছে।

ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জিলাখনত প্ৰায় ৫ লক্ষাধিক লোক বসবাস কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে যোৱা ১৬ জানুৱাৰীৰ পৰা জিলাখনত ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে ভেকচিন যোগান দিছে যদিও উৰা বাতৰি বিয়পি পৰাৰ ফলত জিলাখনত ৰাইজে ভেকচিন গ্ৰহণৰ পৰা আঁতৰি আছে। বৰ্তমানলৈকে জিলাখনত মাত্ৰ ২৩ হেজাৰ লোক ভেকচিন গ্ৰহণ কৰিছে। ফলত দেশৰ ভিতৰত জিলাখনত ভেকচিন গ্ৰহণৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে।

ফলস্বৰূপে জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিখন পঞ্চায়তত ৰাইজৰ মাজত ভেকচিন সম্পৰ্কে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ পিছতো জিলাখনত ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত ৰাইজৰ সঁহাৰি পৰিলক্ষিত হোৱা নাই। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানকাচৰৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। পঞ্চায়তখনৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলে আদৰ্শ গাঁও পঞ্চায়তৰ লোকৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পাঞ্চায়তখনৰ অধীনত থকা যি সকল লোক ক’ভিড ভেকচিন ল’ব তেওঁলোকক সভানেত্ৰী গৰাকীৰ ফালৰ পৰা ৫ কেজি চাউল আৰু এটা আমূলৰ পেকেট দিয়া হৈছে। সাংসদ বদৰুদ্দিন আজলমৰ আদর্শ গাঁও পঞ্চায়তখনৰ অধিকাংশ লোক অশিক্ষিত আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে। ফলত এইদৰে সভানেত্ৰী গৰাকীয়ে ভেকচিন লোৱা লোকক পাঁচ কেজি চাউল আৰু আমূল দিয়াৰ ব্যৱস্থা কৰাত পঞ্চায়তখনত এতিয়া ৰাইজে ভেকচিন ল’বলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক  :  ছয়গাঁৱত এফ চি আই চাউলৰ বৃহৎ চোৰাং বেপাৰ উৎখাত; ১ লাখ চাউলৰ বস্তা জব্দ

ইফালে ভেকচিন গ্ৰহণ সন্দৰ্ভত উৰা বাতৰি বিয়পি পৰাৰ ফলত জিলাখনৰ ৰাইজে ভেকচিন ল’বলৈ ভয় কৰি আছিল যদিও জিলা প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচীৰ ফলত ৰাইজৰ মনৰ পৰা ভয় আঁতৰ হোৱাত আব্দুল হাই নামৰ এগৰাকী বৃদ্ধা ভেকচিন ল’বলৈ আদৰ্শ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হয়। বৃদ্ধা গৰাকীয়ে ভেকচিন গ্ৰহণ কৰি পাঁচ কেজি চাউল লাভ কৰি সন্তষ্ট হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন কৰিবলগীয়া বিষয় এয়া যে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ এই পদক্ষেপক চিকিৎসক সকলেও প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply