ৰঙিয়া : ৰঙিয়া ৰে’ল জংচনত পাঁচ জন লোকৰ শৰীৰত ধৰা পৰিল কভিডৰ অৱস্থিতি। সোমবাৰে পুৱা বহিঃৰাজ্যৰ পৰা অহা পাঁচ জন লোক কভিড আক্রান্ত বুলি ধৰা পৰে। কভিড আক্রান্ত সকলক চিকিৎসলায়লৈ প্ৰেৰণ।

কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দেশত ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত কভিডত আক্রান্ত হৈছে হাজাৰ হাজাৰ লোক। মৃত্যুৰ মুখত পৰিছে বহু লোক। অসমত পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও আক্রান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।

আৰু পঢ়কঃ কৰোনাৰ তীব্ৰ সংক্ৰমণ! বৰপেটাত এজনৰ মৃত্যু

অসমত বহিঃৰাজ্যৰ পৰা অহা বহু লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত প্ৰতিদিনে ধৰা পৰিছে কভিড আক্রান্ত লোক। সোমবাৰে ৰঙিয়া ৰে’ল জংচনত বহিঃৰাজ্যৰ পৰা অহা পাঁচ জন লোকৰ শৰীৰত ধৰা পৰে কভিড ভাইৰাছ।

আৰু পঢ়কঃ মৰিগাঁৱত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে

ৰে’ল যোগে বাংগালুৰুৰ পৰা অহা কভিড আক্রান্ত লোক কেইজন হৈছে ক্ৰমে তামুলপুৰৰ ইন্দ্ৰজিত বৰ্মন, ওদালগুৰিৰ হিম বাহাদুৰ, ঢেকীয়াজুলিৰ কুলানি নাৰ্জাৰী, খাৰুপেটীয়াৰ মিথুন চৌহান আৰু টংলাৰ জনক শৰ্মা। কভিড আক্রান্ত পাঁচ জন লোকক চিকিৎসাৰ বাবে শিঙিমাৰী কভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply