নিউজ ডেস্কঃ একেটা পৰিয়ালৰ ৫জন সদস্যক হত্যা কৰা ঘটনা সংঘটিত উত্তৰপ্ৰদেশত। ৰাজ্যখনৰ প্ৰয়াগৰাজ জিলাৰ খেৱজপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। লোক কেইজনক হত্যাকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰা হৈছে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে- এহাল দম্পতী, সন্তান-বোৱাৰী আৰু দুবছৰীয়া নাতিৰ হত্যা কৰিছে হত্যাকাৰীয়ে।
হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে হত্যাকাৰীয়ে বাসগৃহটোৰ এটা কোঠাত অগ্নিকাণ্ডও সংঘটিত কৰে বুলি সদৰি কৰে আৰক্ষীয়ে। যেতিয়া বাসগৃহটোৰ পৰা ধোঁৱা ওলোৱা ওচৰ চুবুৰীয়াই পৰিলক্ষিত কৰে, তাৰপাছত তেওঁলোকে আৰক্ষীক এই সন্দৰ্ভত জনায়।
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কিন্তু এই হত্যাকাণ্ড কোনে আৰু কিয় সংঘটিত কৰিলে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই।