অধিবক্তা মুনীন চন্দ্ৰ বৰুৱা

তেজপুৰ: পাঁচ গৰাকী হত্যাকাৰীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে তেজপুৰ আদালতে।
ৰঞ্জন বসুমতাৰী,ৰজনী বসুমতাৰী, সঞ্জয় বসুমতাৰী, প্ৰহ্লাদ বসুমতাৰী আৰু মহেশ্বৰ বসুমতাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ চত্ৰভূষণ গগৈৰ আদালতে।


২০০৮ চনত চাৰিদুৱাৰত অনিমা বসুমতাৰী নামৰ এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ গোচৰত এই ৰায়দান দিয়ে শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে।
চৰকাৰী পক্ষৰ হৈ যুক্তি দিয়া শোণিতপুৰ জিলাৰ অধিবক্তা মুনীন চন্দ্ৰ বৰুৱাই এই কথা জানিবলৈ দিয়ে।

লগতে পঢ়ক- ইউক্ৰেইনত আবদ্ধ কাছাৰৰ মুহিমক লৈ চিন্তিত পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply