নিউজ ডেস্ক : দেৱী কামাখ্যাৰ উপাসনাস্থলী ঐতিহাসিক কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰৰ আহাৰ মাহত চাৰি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় পবিত্ৰ অম্বুবাচী মেলা।
জনবিশ্বাস মতে প্ৰতি বছৰে এই সময়ছোৱাত দেৱী কামাখ্যাৰ ঋতুমতী হয়।
এই উৎসৱৰ তাৎপৰ্য্য:
জ্যোতিষ শাস্ত্ৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ অতীত হ’লে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। এই সময় খিনিক অম্বুবাচী বা আমতি চুৱা বোলে।পবিত্ৰ অম্বুবাচী মেলাৰ দিনকেইটাত মা কামাখ্যাৰ বছৰেকীয়া ঋতুচক্ৰ উদাযাপন কৰা হয় আৰু সেয়ে তিনি দিনৰ বাবে মন্দিৰৰ দুৱাৰসমূহ ভক্তৰ বাবে বন্ধ থাকে। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷
এই উৎসৱৰ আন এক নাম:
পবিত্ৰ অম্বুবাচী মেলা আমেটি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱ নামেৰেও পৰিচিত। উৎসৱৰ দিনকেইটাত ভাৰতৰ বিভিন্ন স্থানৰ পৰা তান্ত্ৰিক সকলে মা কামাখ্যাৰ দৰ্শনৰ বাবে ইয়াত ভিৰ কৰেহি।
কিদৰে পালন কৰা হয়:
অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে প্ৰথম তিনি দিনৰ বাবে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। এই সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য্য সম্পন্ন কৰা নহয় তথা মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। তিনি দিনৰ পিছত চতুৰ্থদিনা দুৱাৰ খুলি দিয়া হয় আৰু ইয়াক শুদ্ধি বুলি কোৱা হয়। ভক্তসকলে দেৱীক দৰ্শন কৰিব পাৰে আৰু প্ৰসাদ বিতৰণ কৰা হয়।
ৰক্ত বস্ত্ৰ:
দেশ-বিদেশৰ পৰা অহা অগণন ভক্তই মন্দীৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰে। মন্দিৰৰ পুৰোহিতে আশীৰ্বাদস্বৰূপে ভক্তসকলক দেৱীৰ গাত অম্বুবাচীৰ সময়ত মেৰিয়াই থোৱা ৰঙা বৰণৰ বস্ত্ৰ প্ৰদান কৰে। লোকবিশ্বাস অনুসৰি এই ৰঙা বস্ত্ৰ পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় আৰু মনোকামোনা পূৰ্ণ হয়।
মা কামাখ্যাৰ প্ৰসাদ:
চতুৰ্থ দিনা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে মা কামাখ্যাৰ দৰ্শনৰ পিছত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তপ্ৰাণ ৰাইজ মন্দিৰৰ ভিতৰলৈ গৈ দেৱী দৰ্শন কৰি পুষ্পমাল্য অৰ্পণ কৰে আৰু দেৱীৰ আশীৰ্বাদ লয়।
লগতে পঢ়ক : দিল্লীৰ গীৰ্জা ভঙা কাৰ্য্যক উত্তৰ-পূব বিশ্বপ সমাজৰ গৰিহণা