জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাত সাংস্কৃতিক কৰ্মী ৰাজীৱ বৰঠাকুৰৰ ঘৰত কোনো দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০ টাকৈ হাঁহ।

কৰোনা মহামাৰীয়ে সাংস্কৃতিক জগতখনলৈও স্থবিৰতা আনি দিয়াৰ পাছত সাংস্কৃতিক কৰ্মী গৰাকীয়ে সাময়িকভাৱে অভিনয় জগতখন এৰি ঘৰলৈ ঘুৰি আহি হাঁহ, কুকুৰা,ছাগলী, গৰু পোহপাল দি জীৱিকাৰ পথ বাচি লৈছিল।

আৰু পঢ়কঃপাণ্ডুত ভূমিস্খলনৰ ঘটনা : নিহত এগৰাকী মহিলা, আহত তিনিজনকৈ লোক

পিছে শনিবাৰে কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ চৌহদৰ পুখুৰীত থকা হাঁহ সমূহক এইদৰে বিহ দি নিধন কৰাৰ পাছত মানসিকভাবে এতিয়া ভাগি পৰিছে যুৱ সাংস্কৃতিক কৰ্মী গৰাকী।

ইতিমধ্যে এই সন্দৰ্ভত ৰাজীৱ বৰঠাকুৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply