গুৱাহাটী : ক’ভিডসৃষ্টি পৰিস্থিতিৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ আছে যাত্ৰীবাহী গাড়ীৰ সেৱা। বৰ্তমান ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰাত বহু ক্ষেত্ৰত শিথিলতা অনা হৈছে। লাহে লাহে খোল খাইছে দোকান-বজাৰ, কাৰ্যালয়। পৰিস্থিতি আৰু অধিক উন্নত হ’লে আৰু অধিক শিথিলতা অনাৰ সম্ভাৱনা আছে।
ইয়াৰ মাজতে ক’ভিডসৃষ্ট পৰিস্থিতি উন্নত হ’লে সৰ্বসাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভৰিব লাগিব অধিক টকা। যাত্ৰীবাহী গাড়ীৰ বৃদ্ধিৰ ফলত ৰাইজে যাতায়তৰ বাবে ভৰিব লাগিব অধিক টকা। যাত্ৰীবাহী গাড়ীৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লোকে হৈছে।
ৰাজ্যত আনলক আৰম্ভ হোৱাৰ লগে লগেই যাত্ৰীবাহী গাড়ীৰ ভাড়া ৫০ শতাংশ বৃদ্ধি কৰা হ’ব। মটৰ পৰিবহন সন্থাই যাত্ৰীবাহী গাড়ীৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়ক : কাৰ্বি আংলংত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যালয় মুকলি
লকডাউন সময়ত গাড়ীৰ চালক-হেণ্ডিমেন আৰ্থিকভাৱে বহু ক্ষতি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মটৰ পৰিবহন সন্থাই। ইয়াৰ লগতে চালকসকলক ৰোড টেক্স ৰেহাই আৰু গাড়ীৰ বীমাৰ ম্যাদ বৃদ্ধি কৰিবৰ বাবে দাবী জনাইছে।